বহুদিনৰ পিছত ব্লগটো খুলিলো।
মোৰ সপোনৰ ঘৰখন………..
Tuesday, 23 September 2014
Sunday, 1 September 2013
asom deshar visom kotha
অসম দেশৰ বিষম কথা
মৰমী, জননী
মাজনী, মামনী
মৰি আছে
স্বাস্হ্য বিভাগৰ
কত কি যে আঁচনি ৷৷
হাস্পাতালৰ খহে ছাদ
কথা চহকী মন্ত্ৰীৰ,
মুখেৰে কিন্তু নোলায় মাত ৷৷
জননী সুৰক্ষা যোজনা
আইদেউ, বাইদেউ,শুশ্ৰুষা
আশা বাইদেউৰ কত আশা
প্ৰকাশৰ নাই ভাষা ৷৷
মন্ত্ৰী মহোদয়ৰ মিঠা কথা
যুগান্তকাৰী পৰিবৰ্তনে
আঁতৰাবই আতৰাব,
অসমৰ ৰোগীৰ ব্যথা ৷৷
যদি হয় মন্ত্ৰীৰ ৰোগ
চৰকাৰী ডাক্তৰৰ নহয় দুৰ্ভোগ,
মন্ত্ৰীৰ বাবে ৰৈ আছে
প্ৰাইভেট নাৰ্ছিং হোম ৷৷
যদু, মধুৰ বেমাৰ হ 'লে
কত যে পয়মাল
কোনখন আঁচনিমতে
হ'ব চিকিৎসা
বুজাটোৱে জঞ্জাল ৷৷
তথাপিও প্ৰতিদিনে
ন ন আঁচনি
মৰিছেনে আছে জীয়াই
মন্ত্ৰীয়েও নাজানে কিজানি ৷৷
অসম দেশৰ বিষম কথা
ক'লেও লাগিব লেথা ৷
ডেংগিৰ পৰা হাত সাৰি,
থকাতোহে এতিয়াৰ
আটাইতকৈ ডাঙৰ কথা ৷৷
Tuesday, 21 August 2012
Sunday, 26 February 2012
সম্পাদকীয় ,আমি অসমীয়া-ফেব্ৰুৱাৰী ২০১২ সংখ্যা
এই মাহৰ সম্পাদকীয়
আমি অসমীয়া-ফেব্ৰুৱাৰী ২০১২ সংখ্যা
সম্পাদকীয়
-অনন্ত মোহন শৰ্ম্মা (প্ৰধান সম্পাদক, “আমি অসমীয়া”) www.amiasomiya.wordpress.com
সঘনাই শুনা এষাৰ কথা হ’ল –“আজিকালি সকলো ক্ষেত্ৰতে এনে পৰিৱৰ্তন হব ধৰিছে যে-অসমীয়া জাতিটো আৰু কিমান দিন ঐক্যৱদ্ধ হৈ থাকিব সেয়া সন্দেহৰ বিষয়”। হয়। বিভিন্ন জাতি-উপজাতি-ভাষাভাষী মানুহৰ (জনগোষ্ঠী) সংমিশ্ৰণৰে গঢ়ি উঠা বৃহত্তৰ অসমীয়া জাতিৰ একে উমৈহতীয়া সংস্কৃতি আজিও গঢ়ি উঠা নাই। ইয়াৰ বিপৰীতে আতঁৰি যোৱাৰ মানসিকতাই সকলোৰে মনত গা-কৰি উঠা পৰিলক্ষিত হৈছে।
এটা আদৰ্শ জাতিৰ পূৰ্ব্বচৰ্ত সম্পৰ্কে সমাজ বিজ্ঞানী সকলে কৈছে যে-“এক ভৌগলিক অঞ্চলত আবাস, এক কুল, ধৰ্ম, ভাষা আৰু সাধাৰণ সাংস্কৃতিক ঐক্য অৰু উমৈহতীয়া ইতিহাস থাকিলে এটা জাতিক আদৰ্শ জাতি বুলি কব পৰা যায়। কিন্তু আমি যদি গভীৰভাৱে বিশ্লেষণ কৰি চাও, তেতিয়া দেখিম যে-ভৌগলিক ঐক্য আৰু সাধাৰণ সাংস্কৃতিক ঐক্য জাতীয়ত্বৰ প্ৰয়োজনীয় পূৰ্বস্বত্ব হয় কিন্তু এক কুল, এক ধৰ্ম আৰু ভাষাৰ ঐক্য বা উমৈহতীয়া বুৰঞ্জী অতি দৰকাৰী যদিও অপৰিহাৰ্য নহয়। উদাহৰণ-আমেৰিকান সকল। “ সমাজ বিজ্ঞানী সকলৰ এই মত আমাৰ অসমীয়া জাতিৰ ক্ষেত্ৰতো এশ শতাংশই প্ৰযোজ্য। কিন্তু বৃহত্তৰ অসমীয়া জাতি গঠনৰ ক্ষেত্ৰত যি কেইটা কাৰক হেঙাৰ ৰূপে আছে সেই কেইটাৰ লগত ওপৰত উল্লেখিত এটা কাৰকো নাই। ইয়াৰ বিপৰীতে বিশ্বায়নৰ নামত পশ্চিমীয়া সংস্কৃতিৰ অগ্ৰাসনে ক্ষুদ্ৰ জাতিসত্ত্বা সমূহক নিজৰ সংস্কৃতি, ঐতিহ্যৰ প্ৰতি শ্ৰদ্ধাশীল কৰি তোলাত ব্যৰ্থ হৈছে। ৰাজনৈতিক, অৰ্থনৈতিক আৰু ক্ষুদ্ৰৰ প্ৰতি বৃহত্ জাতিগোষ্ঠীৰ অভাতৃসুলভ মনোভাৱবোৰ ইয়াৰ বাবে বহু পৰিমাণে দায়ী।
সেয়া যি কি নহওক, বৃহত্তৰ অসমীয়া জাতি গঠন প্ৰক্ৰিয়া এতিয়াও শেষ হৈ যোৱা নাই। সকলো জাতি-জনগোষ্ঠীৰ সংস্কৃতি, ভাষা আদিৰ প্ৰতি এক শ্ৰদ্ধাশীল মনোভাৱ, সমবিকাশ, আতৰি যোৱাৰ মানসিকতাৰ সলনি- আঁকোৱালি লোৱাৰ মানসিকতাই যিদিনা প্ৰতিগৰাকী অসমবাসীৰ মনত ক্ৰিয়া কৰিব সিদিনাই-বৃহত্তৰ অসমীয়া জাতি গঠন প্ৰক্ৰিয়া সবল হৈ উঠিব।
আমি মনত ৰখা ভাল হব যে- শব্দ আৰু নীৰৱতা-এটা আনটোৰ বিপৰীত কিন্তু দুয়োটাৰ সংমিশ্ৰণেই যেনেকৈ সুন্দৰ সংগীতৰ সৃষ্টি কৰে, তেনেকৈ হেজাৰ বিৰোধ, বৈপৰিত্যৰ মাজতো এক অসমীয়া মহাজাতি গঠন হব পাৰে।
Subscribe to:
Comments (Atom)