Sunday 1 September 2013

asom deshar visom kotha


অসম দেশৰ বিষম কথা


মৰমী,  জননী
মাজনী,  মামনী
 মৰি আছে
স্বাস্হ্য  বিভাগৰ
কত  কি যে আঁচনি ৷৷
হাস্পাতালৰ খহে  ছাদ
কথা চহকী মন্ত্ৰীৰ,
মুখেৰে কিন্তু নোলায় মাত ৷৷
জননী সুৰক্ষা যোজনা
আইদেউ,  বাইদেউ,শুশ্ৰুষা
 আশা বাইদেউৰ  কত আশা
প্ৰকাশৰ  নাই ভাষা ৷৷
মন্ত্ৰী মহোদয়ৰ মিঠা কথা
যুগান্তকাৰী  পৰিবৰ্তনে
আঁতৰাবই আতৰাব,
অসমৰ ৰোগীৰ ব্যথা ৷৷
 যদি হয় মন্ত্ৰীৰ  ৰোগ
চৰকাৰী ডাক্তৰৰ নহয় দুৰ্ভোগ,
মন্ত্ৰীৰ  বাবে ৰৈ আছে
প্ৰাইভেট নাৰ্ছিং হোম ৷৷
যদু, মধুৰ বেমাৰ হ 'লে
কত  যে  পয়মাল
কোনখন আঁচনিমতে
হ'ব  চিকিৎসা
বুজাটোৱে  জঞ্জাল ৷৷
তথাপিও  প্ৰতিদিনে
ন ন আঁচনি
মৰিছেনে আছে জীয়াই
মন্ত্ৰীয়েও নাজানে কিজানি ৷৷
অসম দেশৰ বিষম কথা
ক'লেও লাগিব লেথা ৷
ডেংগিৰ পৰা হাত সাৰি,
থকাতোহে এতিয়াৰ
আটাইতকৈ ডাঙৰ  কথা ৷৷





No comments:

Post a Comment