গীত
(মেজিৰ জুইয়ে জ্বলাই নিঃশেষ কৰক জয়াল ভয়াল ৰাতিবোৰ )
জ্বলি জ্বলি শেষ হ’ব
জয়াল ভয়াল ৰাতি
উৰি উৰি উৰি যাব
দুখৰ বতাহ ছাটি
ডাৱৰৰ বুকু ফালি
সুৰুযৰ মিঠা হাঁহি
ৰ’দে পোৰা অনুভূতি
ৰ’দ ৰ’দ ৰ’দ ৰ’দ মিঠা এধানি ৰ’দ ।।
(১)
জয়াল ৰাতিৰ ভয়াল কথা
শত মাতৃৰ বুকুৰ ব্যথা
পুৰি ছাই হ’ল
কত আশা
নিজানত শুনি ৰ’লো মাথো
আর্তনাদৰ বিষাদ গাথা
সময়ে দিছে বাৰে বাৰে
কত সকীয়নি
জ্বলি জ্বলি শেষ হ’ব
জয়াল ভয়াল ৰাতি ।।
(২)
মৃত্যুৰ কিৰীলি নুশুনো আৰু
নুশুনো শোষকৰ মিছা আশ্বাস
কন্ঠত আকি ল’ম সুৰৰ পৃথিৱী
আদৰি আনিম নতুন প্রভাত
নতুন ৰঙেৰে জিলিকি উঠক
মোৰ দেশৰ মাটি
জ্বলি জ্বলি শেষ হ’ব
জয়াল ভয়াল ৰাতি II
- অনন্ত মোহন শর্মা
No comments:
Post a Comment