Sunday, 26 February 2012

শতিকাৰ সূৰ্য ভূপেন হাজৰিকালৈ শ্রদ্ধাঞ্জলি

গীত


                                    (শতিকাৰ সূৰ্য ভূপেন হাজৰিকালৈ শ্রদ্ধাঞ্জলি)


সুৰৰ খনিকৰ, তুমি যাযাবৰ
তুমি আমাৰ চিৰপূজ্য
বৰ অসমৰ দূৰন্ত তৰুণ
তোমাৰ জীৱন আজি ধন্য
তুমি ধন্য তুমি পূজ্য 
তুমি আমাৰ চিৰ নমস্য 
সুৰীয়া ৰণৰ সেনানী তুমি
তোমাৰ জীৱন আজি ধন্য।

             (১)
তুমি কৃষ্টি তুমি সৃষ্টি ,কন্ঠত তোমাৰ দুৰদৃষ্টি
সুৰেৰে গঢ়ি সুৰেৰে পিটি
অগ্নিযুগৰ হৈ ফিৰিঙতি
বৰ অসমীয়াৰ হিয়াৰ আমঠু
শতিকাৰ তুমি নতুন সুৰ্য
তোমাৰ জীৱন আজি ধন্য
তুমি ধন্য তুমি পূজ্য 
তুমি আমাৰ চিৰ নমস্য 
সুৰীয়া ৰণৰ সেনানী তুমি
তোমাৰ জীৱন আজি ধন্য।


            (২)
লুইতৰ দুই পাৰ বুকুত সাৱতি
পাৰ হৈ গংগা ,ভল্গা ,মিচিচিপি
তুমিয়ে দিলা ,অসমীয়াক
 জগত সভাত ন-চিনাকী
তুমি হুংকাৰ , তুমি ঝংকাৰ
তুমি কন্ঠ শত অসমীয়াৰ।
সহস্ৰ প্ৰণাম তোমাক হে সুধা- কন্ঠ
বৰ অসমীয়াৰ হিয়াৰ আমঠু
শতিকাৰ তুমি নতুন সুৰ্য
তোমাৰ জীৱন আজি ধন্য
তুমি ধন্য তুমি পূজ্য 
তুমি আমাৰ চিৰ নমস্য 
সুৰীয়া ৰণৰ সেনানী তুমি
তোমাৰ জীৱন আজি ধন্য।


অনন্ত মোহন শৰ্মা
০৮-১১-২০১১


No comments:

Post a Comment